বিগবছ ১৫ ত জয়ী হৈ অহাৰে পৰা তেজস্বীৰ পিছ নেৰা হ’ল কেমেৰাই ৷ তেজস্বী যলৈক যায় পাপাৰাজীও তাতেই ওলাইগৈ ৷ ইপিনে পাপাৰাজীয়ে বহুবাৰ বন্দী কৰিছে প্ৰেমিক যুঁটি কৰণ আৰু তেজস্বীক । ইপিনে,প্ৰেয়সীৰ পিছে পিছে এইদৰে কেমেৰা লৈ লৈ দৌৰি ফুৰা কাৰ্যত অসন্তুষ্ট হৈ পৰিছে কৰণ কুন্দ্ৰা ৷ ‘বিগ বছ ১৫’ ৰ বিজয়ী তেজস্বী প্ৰকাশক সকলো ঠাইতে পাপাৰাজীয়ে অনুসৰণ কৰাত হতাশ হৈ পৰিছে অভিনেতাজন ৷
উল্লেখ্য যে, এদিন পূৰ্বে নাগিন ছেটৰ পৰা ঘৰলৈ উভতি অহা সময়ত পাপাৰাজীৰ মাজত আৱদ্ধ হৈ পৰিছিল তেজস্বী ৷ কোনোমতে সেই ভিৰৰ পৰা ওলাই ঘৰ পোৱা তেজস্বীক মাকে যেনে তেনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত সহায় কৰিছিল ৷
উক্ত ঘটনাটোত খঙত অগ্নিশৰ্মা হৈ পৰে কুন্দ্ৰা ৷
মঙলবাৰে নিশা জয়পুৰৰ পৰা মুম্বাইলৈ উভতি অহা কৰণে বিমানবন্দৰত তেওঁক সম্ভাষণ জনোৱা পাপাৰাজীক উদ্দেশ্যি প্ৰেয়সী তেজস্বীৰ ব্যক্তিগত জীৱনৰ পৰা তেওঁলোকক আঁতৰি থাকিবলৈ অনুৰোধ জনাই ৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে তেওঁ তেওঁলোকক তেজস্বীৰ ব্যক্তিগত জীৱনত ব্যাঘাত নকৰিবলৈ অনুৰোধ জনাইছিল । কৰণ আৰু তেজস্বী ‘বিগ ১৫’ৰ ছেটত লগ পাই ইজনে সিজনৰ প্ৰেমত পৰিছিল।