বিগত কেইবাদিন ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে হৈ আছে ধাৰাষাৰ বৃষ্টিপাত ৷ ফলত ভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীত ৷ আনকি কিছু কিছু অঞ্চলত ভূমিস্খলনো হোৱা পৰিলক্ষিত হৈছে ৷
ইয়াৰ মাজতে শুকুৰবাৰে অৰুণাচলৰ চেঁচাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ এই ভূমিস্খলনৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমৰ দুগৰাকী সাংবাদিক আহত হয় ৷ তথ্য অনুসৰি,শুকুৰবাৰে তেজপুৰৰ সাংবাদিক এটা দল অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহৰ বাবে গৈছিল ৷
সাংবাদিকৰ দলটো গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড পাথৰ আহি গাড়ীত পৰে ৷ ফলত দুজনকৈ সাংবাদিক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অত্যাধিক বৰষুণৰ বাবেই অৰুণাচলৰ সমগ্ৰ পথছোৱাত হৈ আছে ভূমিস্খলনৰ ঘটনা ।