দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হয় লতা দীননাথ মংগেশকাৰ বঁটা । কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ স্মৃতিত প্ৰথমবাৰলৈ প্ৰদান কৰা হয় এই বঁটা । বঁটা লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷ প্ৰধানমন্ত্ৰীয়ে লতা দিদিৰ কৰ্মৰাজি দেশবাসীৰ বাবেই উৎসৰ্গিত আছিল বুলি উল্লেখ কৰি তেওঁৰ বঁটাটো দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷
মুম্বাইৰ মাতুঙ্গাৰ শান্তমুখানন্দ থিয়েটাৰত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল মাষ্টাৰ দীননাথ মংগেশকাৰ স্মাৰক সমাৰোহ । এই অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰ স্মৃতিত প্ৰদান কৰা হৈছিল এই বঁটা । প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহাৰ বাবে লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানটোৰ বাবে দেওবাৰে কাশ্মীৰৰ পৰা পোনে পোনে আহি মুম্বাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোডী ।
এই বঁটা গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে, তেওঁ সংগীতৰ দৰে গভীৰ কলাৰ বিষয়ে অৱগত নহয় । মোদীয়ে লগতে কয় যে, “সাংস্কৃতিকভাৱে, মই অনুভৱ কৰোঁ যে সংগীত হৈছে এক অনুশীলন আৰু এক অনুভৱ । সুপ্ত হৈ থকা শব্দবোৰ প্ৰকাশ কৰাৰ ই এক মাধ্যম । সংগীতে মানৱ চেতনাক আৱেগেৰে ভৰাই তোলে । আপুনি নিথৰ হৈ বহি থকা অৱস্থাতো সংগীতৰ সুৰে আপোনাক আৱেগিক কৰি তুলিব পাৰে ।তেওঁ আৰু কয় যে, সংগীতৰ সুৰে আপোনাক নিৰ্লিপ্ততাৰ অনুভূতি দিব পাৰে । সংগীতে জীৱনক বীৰত্বপূৰ্ণ ৰসেৰে ভৰাই তোলে । লতা মংগেশকাৰৰ বাবেই আমি বাস্তৱত সংগীতৰ এই সমস্ত শক্তি দেখিছো । মই তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো । তেওঁ কৈছিল যে মংগেশকাৰ পৰিয়ালৰ প্ৰতিটো প্ৰজন্মই সংগীত সাধনাত নিজৰ জীৱন উৎসৰ্গা কৰিছে ।