“মন হিৰা দৈ চাইকেল নহয় টিলিঙা “এই গীতটি শুনিলেই মনলৈ আহে সেই বিশেষ অভিনেতা জনৰ নাম। বিজু ফুকন,অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা প্ৰয়াত বিজু ফুকনৰ আজি জন্মদিন ৷ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা সৰু চৰিত্ৰত পাছলৈ ক্ৰমে, আজলী নবৌ, বোৱাৰী, ঘৰ সংসাৰ আদি সফল অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল তেওঁ।
উল্লেখযোগ্য যে,তেওঁৰ প্ৰকৃত নাম আছিল বিজয় ফুকন । চলচিত্ৰ জগতলৈ অহাৰ পাছত তেওঁ নিজৰ ঘৰুৱা নাম ‘বিজু’ৰে নিজৰ চিনাকি দি জনপ্ৰিয় হৈ পৰে । ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ব্যৱসায়িকভাৱে সফল চলচিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত অভিনয় কৰাৰ পাছত বিজু ফুকনে এটা বছৰতে নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰ ‘বৰুৱাৰ সংসাৰ’ত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে ।
বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয়ৰ দ্বাৰা দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল । অসমীয়া চলচিত্ৰৰ লগতে বিজু ফুকনে বাংলা ভাষাৰ চলচিত্ৰ হোটেল শ্বোফক্স, অপৰাজিত, দস্যু ৰত্নাকৰ, গজমুক্তাৰ লগতে দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিক আৰু টেলিফিল্মত অভিনয় কৰে ।
২০১৭ চনৰ ২২ নৱেম্বৰত এইগৰাকী মহান শিল্পীয়ে গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।