সোমবাৰে ঘোষণা কৰা ঠেঙাল কছাৰী নিৰ্বাচনত ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থী মণ্ডিত বড়াই মুঠ ৮৮৩ টা ভোটত জয়লাভ কৰে । বিজেপি প্ৰাৰ্থী মণ্ডিত বড়াই ১৭০৩ টা ভোট লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কুশৰাম বড়াই লাভ কৰে ৮৮৩টা ভোট।
নাহৰকটীয়াত
নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই প্ৰাৰ্থী গৰাকীয়ে নিজ চহৰ নাহৰকটীয়াত উপস্থিত হৈ বিধায়ক তৰংগ গগৈৰ বাসগৃহলৈ ৰাওনা হয়। ইফালে প্ৰাৰ্থী গৰাকীয়ে অনাগত সময়ত সমষ্টিটোৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখযোগ্য যে লুৰীণজ্যোতিৰ গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে এই নিৰ্বাচনত একেলগে প্ৰাৰ্থী প্ৰদান কৰিছিল ৷ অৱশ্যে, বিধান সভা নিৰ্বাচনৰ দৰেই পুনৰ নাহৰকটীয়াৰ ৰাইজে লুৰীণ জ্যোতি গগৈৰ অসম জাতীয় পৰিষদক ঠেঙাল কছাৰী নিৰ্বাচনতো প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হয় ।