শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ৰাজ্যৰ অনুদানপ্ৰাপ্ত মাদ্ৰাছাসমূহক (যাক “প্ৰাদেশিকমাদ্ৰাছা” বুলি কোৱা হয়) সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ ২০২০ চনত অসম বিধানসভাই গৃহীত কৰা আইনৰ সাংবিধানিকতা বজাই ৰাখিছে।
উল্লেখ যে, উচ্চ ন্যায়ালয়ে অসম মাদ্ৰাছা শিক্ষা (প্ৰাদেশিকীকৰণ) আইন, ১৯৯৫ আৰু অসম মাদ্ৰাছা শিক্ষা (কৰ্মচাৰীৰ সেৱাপ্ৰাদেশীকৰণ আৰু মাদ্ৰাছা শিক্ষা প্ৰতিষ্ঠানসমূহৰ পুনৰ্গঠন) আইন, ২০১৮ বাতিল কৰা অসম বাতিল আইন ২০২০ ৰ সাংবিধানিক বৈধতা বজাই ৰাখিছিল।