মঙলবাৰে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত হয় মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানতেই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷
উল্লেখযোগ্য যে, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, সুন্দৰীদিয়া সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰী আৰু মইনবড়ী সত্ৰৰ অপূৰ্ব অধিকাৰীৰ উপস্থিতিত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীক সুন্দৰীদিয়া সত্ৰই এই বঁটা প্ৰদান কৰে ৷ মাধৱদেৱ বঁটা গ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শংকৰদেৱ বঁটাপ্ৰাপক সংস্কৃতিৰ সাধকগৰাকীয়ে মাধৱদেৱ গুৰুজনাৰ নামত নিজ জন্মভূমিতে এনেদৰে সন্মানিত হ’বলৈ পাই অতিকে আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷
ইপিনে বশিষ্ঠ দেৱ শৰ্মাই জীৱনকালত অনেক বঁটা, সন্মান লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বৰ্তমান তেওঁ শাৰিৰীক অসুস্থতা ভুগি থকাৰ কথাও উল্লেখ কৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবেই বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱ, ব’হাগৰ দোমাহী আদিৰ অনুষ্ঠানত ভাগ ল’বলৈ নাপাই নিজ ঘৰতে চকুলো টুকিব লগা হয় বুলি জানিবলৈ দিয়ে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ শাৰিৰীক অসুস্থতা স্বত্বেও সত্ৰীয়া কাম-কাজত ভাগ ল’বলৈ হেপাহ কৰি থকাৰ কথা প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৷