ঐতিহাসিক নগৰী শিৱসাগৰৰ শিৱদৌলত মহাশিৱৰাত্ৰীৰ প্ৰস্তুতি প্ৰায় সম্পূ্ৰ্ন হৈ উঠিছে । উল্লেখ্য যে, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে দৌল পৰিচালনা সমিতি তথা প্ৰাশাসনে। বিগত দুটা বৰ্ষত মহামাৰীৰ বাবেই ভালকৈ অনুষ্ঠিত কৰিব পৰা নাছিল শিৱৰাত্ৰি পূজা আৰু মেলা।
কিন্তু এইবাৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছতেই আহোম ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা শিৱদৌল আৰু ইয়াৰ চৌপাশত শিৱৰাত্ৰিৰ পূজাৰ লগতে মেলা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।
২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব শিৱৰাত্ৰি পূজা আৰু মেলা। এই মেলাত থাকিব ৫০০ ৰো অধিক বিপনী।ইতিমধ্যে পাঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কলিকাতাকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী সকলে বিপনীৰ বাবে যোগাযোগ কৰিছে দৌল পৰিচালনা সমিতিৰ সৈতে।
দেওবাৰে এখন সংবাদমেল যোগে এই কথা সদৰি কৰিলে শিৱদৌল উন্নয়ন পৰিচালনা সমিতিয়ে। তদুপৰি সকলো সাংস্কৃতিক কাৰ্যসূচী আধ্যাত্মিক দিশৰ সৈতে জড়িত থাকিব। আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’ব কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু কল্পনা পাটোৱাৰীয়ে । এই কথা সদৰি কৰিলে দৌল পৰিচালনা সমিতিয়ে।
ইপিনে চতুৰ্দশী পূজা আৰম্ভ হ’ব ১ মাৰ্চৰ ১-৪৯ বজাৰ পৰা ২ মাৰ্চৰ নিশা ১২ বাজি ১৬ মিনিটৰলৈ।