মাজুলীৰ উপ নিৰ্বাচনৰ ফলাফলৰ ভোটগণনাত ৷ এই নিৰ্বাচনত তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও, চূড়ান্ত যুঁজখন বিজেপি প্ৰাৰ্থী ভূৱন গাম আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজতে সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে ৷ শেহতীয়া তথ্য অনুসৰি, বিজেপি প্ৰাৰ্থী ভূৱন গামে চিত্তৰঞ্জন বসুমতাৰীতকৈ প্ৰায় ৩২,০০৭ টা ভোটত আগবাঢ়ি আছে ৷
ইতিমধ্যে বেলট ভোটৰ গণনা আৰম্ভ কৰা হৈছে ৷ প্ৰথম ৰাউণ্ডৰ শেষত বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছে ৫০,১৪৬ টা ভোট, এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ১৮,১৩৯ টা ভোট,বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে ১৭৫৫ টা ভোট ৷ সমষ্টিটোত ন’টা ভোট পৰিছে ১২৭১ টা ৷
উল্লেখ্য যে, বিগত ৭ মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী ভূৱন গাম, বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে ৷
পৌৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীতো বিজেপি প্ৰাৰ্থীগৰাকীয়ে শেষ হাঁহি মৰাৰ সম্ভাৱনা আছে ৷ এই সকলো স্পষ্ট হৈ পৰিব ফলাফল ঘোষণাৰ পিছতহে ৷