মাজুলীৰ ঐতিহাসিক সত্ৰ সমূহৰ মুখ্য উৎসৱ হ’ল ফল্গূউৎসৱ । মাজুলীৰ বহুকেই খন সত্ৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হয় এই উৎসৱ। মাজুলীৰ ঐতিহাসিক বেঙেনাআটী, দক্ষিনপাট, গড়মূৰ, আউনীআটী চামগুৰি আদি সত্ৰ সমূহত পৰম্পৰাগত ভাবে ৩ পৰা ৪ দিনলৈ পালন কৰা হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী মেষদাহ মহাপূজা আৰু ফুৰুৱা কাৰ্যসুচী ৰূপায়ন কৰে। সত্ৰ সমূহত নাম প্ৰসংগৰ লগতে কলীয়া ঠাকুৰৰ বিগ্ৰহৰ ওচৰত বেদৰ মন্ত্ৰোউচ্ছাৰন কৰি মহাপূজা পালন কৰিছে। মাজুলী গড়মূৰ সত্ৰত আজি মেষদাহ কাৰ্যসূচী ৰূপায়ন কৰে। কামশক্তিৰ প্ৰতীক মেষ ৰূপী ছাগলীৰ কেশ জ্বলাই গোপালপ্ৰভূক পূজা কৰি হলীগীত গাই সন্ধিয়া মেষদাহ কাৰ্যসূচী শেষ কৰে। আৰু সম্পূৰ্ণ আধ্যাত্মিক ভাৱে পূৱাৰে পৰা মহাপূজা আৰম্ভ হৱ তাৰ পাছত নাম প্ৰসংগ আৰু পানীৰ খেল আৰু পাছত গোসাই ফুৰুৱা কাৰ্যসূচী ৰূপায়ন কৰিব । উত্তৰ কমলাবাৰী সত্ৰতো নাম প্ৰসংগ গায়ন বায়ন আদি কাৰ্যসুচীৰে ফল্গূউৎসৱ উদযাপন কৰিছে। ঐতিহাসিক বেঙেনাআটী সত্ৰত সত্ৰ প্ৰতিষ্ঠাকালৰে পৰা ৪ বছৰে ফাকুৱা উৎসৱ পালন কৰি আহিছে।