মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যখনলৈ ইতিমধ্যে আগমন ঘটিছে বিজেপি দলৰ হাই প্ৰফাইল নেতাৰ । এইবাৰ মণিপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ।
স্মৃতি ইৰাণীৰ ঘোষণা পুনৰ শাসনলৈ আহিলে বিজেপি চৰকাৰে ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত ২০০০ টকাকৈ দিব । মন্ত্ৰীগৰাকীৰ মতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে দেশত ৬০ হাজাৰ ষ্টাৰ্টআপ সৃষ্টিৰ চেষ্টা চলাইছে ।
উল্লেখ্য যে শুকুৰবাৰে মণিপুৰত বিজেপি প্ৰাৰ্থী ওক্ৰাম হেনৰী সিঙৰ হৈ প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । প্ৰচাৰৰ মাজতে মণিপুৰৰ ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন ধৰণৰ আঁচনিৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
“ উল্লেখ্য যে মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন । ১০ মাৰ্চত হ’ব ভোট গণনা ।