পশ্চিম ইম্ফল, পূৱ ইম্ফল, বিষ্ণুপুৰ, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷ আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব এই ভোটগ্ৰহণ । উল্লেখ্য যে, ক’ভিড পজিটিভ তথা কোৱাৰেইণ্টাইত থকা ভোটাৰসকলে বিয়লি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব ৷
ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ৩৮ খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৫ খন আসনত, জে ডি(ইউ)য়ে ২৮ খনত, এন পি পিয়ে ২৭ খনত, শিৱসেনাই সাতখনত, আৰ পি আই আৰু এন চি পিয়ে ছয়খনকৈ আসনত , এল জে পি ৰাম বিলাসে তিনিখনকৈ আসনত, কুকি নেচনেল এচেম্বলী আৰু কুকি পিপলছ এলায়েন্সে দুখনকৈ আসন আৰু ১৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
মণিপুৰত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৩৮ খন আসনৰ ভিতৰত ২৯ খন পূৱ ইম্ফল, পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰৰ উপত্যকা জিলাত আছে ৷ আনহাতে চুৰাচান্দপুৰ, কাংপোকপি আৰু ফেৰজল জিলাত আছে ৯ খন আসন । ৰাজ্যখনত মুঠ ১২,০৯,৪৩৯ জন ভোটাৰে ১,৭২১ টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ।
ইপিনে ৩৮১ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা ভোটগ্ৰহণ কৰ্মীয়ে পৰিচালনা কৰিব ৷ আনহাতে চাইকোটৰ এটা ভোটকেন্দ্ৰ সম্পূৰ্ণভাৱে বিশেষভাৱে সক্ষম ভোটগ্ৰহণ কৰ্মীয়ে পৰিচালনা কৰিব ।