গুজৰাট নিৰ্বাচন হাৰাৰ পাছত আম মাদমি পাৰ্টীৰ কাৰণে আৰু এটা বেয়া খবৰ । উচ্চতম ন্য়ায়ালয়ে খাৰিচ কৰিলে মণীষ চিছোডিয়াৰ আবেদন । উল্লেখ্য় যে দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াই অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰোনা মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শিতানত বজাৰ মূল্যতকৈ অধিক দামত পিপিই কিট (PPE kit) ক্ৰয় কৰাৰ অভিযোগ আনিছিল। এই অভিযোগ খণ্ডন কৰি ড০ শৰ্মাই চিছোডিয়াৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ তৰিছিল। ইয়াৰ পাছতেই মণীষ চিছোডিয়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰ বাতিল কৰিবলৈ কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ আৱেদন। তাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্য়াহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰৰ উপশম বিচাৰি কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা কোনোধৰণৰ উপশম নাপালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই। সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কয় – “চিছোডিয়াই কেতিয়াবাই শর্মাৰ ওচৰত ক্ষমা খুজিব লাগিছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে, যি সময়ত দেশ এক মহামাৰীৰ মাজৰে পাৰ হৈছে তেনে সময়ত দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক; চিছোডিয়াই ইয়াৰ পৰিণতিৰ সন্মুখীন হ’বই লাগিব।”