দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছিল ক’ভিড আক্ৰান্তৰ সংখ্যা । লাহে লাহে Work from home প্ৰক্ৰিয়া শেষ কৰি অফিচ মুখী হৈছে দেশবাসী । কিন্তু ৰাজ্য তথা দেশত ক’ভিডৰ সংক্ৰমন হ্ৰাস পাইছিল যদিও এপ্ৰিল মাহত দিল্লীত যিমান ক’ভিডৰ নমুনা সংগ্ৰহ কৰা হৈছে তাৰ বেছিভাগ নমুনাতে ওলাইছে অমিক্ৰন উপ–ভেৰিয়েণ্ট BA.2.12।
বৃহস্পতিবাৰে চিএনএন–নিউজ১৮ক জনাইছে এক চৰকাৰী সূত্ৰই। আঠটা নতুন ভেৰিয়েণ্ট পোৱা গৈছে দিল্লীত যাৰ ভিতৰত এটা প্ৰভাৱশালী আৰু সম্ভৱত এয়াই ৰাষ্ট্ৰীয় ৰাজধানীত ক্ৰমবৰ্ধমান কোভিড সংক্ৰমণৰ নেপথ্যৰ সম্ভাৱ্য কাৰণ। ইপিনে বুধবাৰে দিল্লীত ১০০৯জন নতুনকৈ আক্ৰান্ত হোৱাৰ পিছতে এই তথ্য জনা গৈছে। বিগত দিনতকৈ ৬০ শতাংশ বাঢ়িছে ৰাজধানীৰ সংক্ৰমণ। XEৰ দৰে এটা নতুন ভেৰিয়েণ্ট বিয়পি পৰিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ দিল্লীত সমগ্ৰ কোভিড সংক্ৰমিত ব্যক্তিৰ নমুনাৰ জিনোম ছিকুৱেঞ্চিং আৰম্ভ কৰিছে।
নতুন উপ–ভেৰিয়েণ্ট BA.2.12 (৫২ শতাংশ নমুনা) আৰু BA.2.10 (১১ শতাংশ নমুনা)ৰ পৰা আটাইতকৈ বেছি সংক্ৰমণ বিয়পিছে আৰু সম্প্ৰতি দিল্লীত পোৱা মুঠ নমুনাৰ ৬০ শতাংশৰো অধিক সংক্ৰমণ হৈছে এই দুই ভেৰিয়েণ্টৰ ভিতৰতে পিটিআইক জনাইছে চৰকাৰী সূত্ৰই।
BA.2.12 ভেৰিয়েণ্ট BA.2 (Omicron)ৰ তুলনাত প্ৰতি সপ্তাহত প্ৰায় ৩০ শতাংশৰ পৰা ৯০ শতাংশ সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে বুলি ধাৰণা কৰা হৈছে জনাইছে সেই সূত্ৰই।
এজন বিজ্ঞানীয়ে সংবাদ মাধ্যমক জনায়, দিল্লীত সাম্প্ৰতিক বৃদ্ধি হৈছে অমিক্ৰনৰ প্ৰজনন সংখ্যাৰ সৰ্বোচ্চ সংক্ৰমণযোগ্য স্তৰৰ বাবে, ইয়াৰ ডেৰিভেটিভবোৰৰো একেধৰণৰ সংক্ৰমণযোগ্যতা আছে আৰু ইয়াৰ উপৰি হাত ধোৱাৰ স্বাস্থ্যবিধি, সামাজিক দূৰত্ব আৰু মাস্কৰ অনুপস্থিতিতো এই সংক্ৰমণ বিয়পি পৰিছে।