শোকাকুল পৰিবেশত সামৰিক মৰ্যদাৰে শেষ বিদায় সেনাৰ l
অৰুনাচলত শ্বহীদ সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ উপস্থিত নিজ বাসগৃহত। শোকাকুল পৰিৱেশত সামৰিক মৰ্যদাৰে শেষ বিদায় দিয়া হ’ল জোৱানগৰাকীৰ ।১৪ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত আন ৬ জন জোৱানৰ সৈতে মৃত্যুক আকোঁৱালি লৈছিল টীয়কৰ বিশ্বজীৎ নৰহে । এক কৰুণ পৰিবেশ। মিছ ইউ পাপা। “আই লাভ ইউ পাপ, আকৌ আহিবা আমাৰ মাজলৈ ” এইয়া এগৰাকী বীৰ শ্বহীদৰ পত্নীৰ প্ৰিয়জনলৈ আহ্বান। মাতৃভূমিৰ সেৱাত নিয়োজিত হৈ থাকোত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ অৰুণাচল স্কোৱাটৰ লেন্সনায়ক বিশ্বজীৎ নৰহৰ এইয়া বাসগৃহত কান্দোনৰ ৰোল। উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত অৰুনাচলত ৬ জন ভাৰতীয় সেনা জোৱানৰ সৈতে কৰ্মৰত অৱস্থাত এক পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লৈছিল টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চেনীজান ৰামপুৰ ভকত গাঁৱৰ ৩০ বছৰীয়া সেনা জোৱান বিশ্বজিত নৰহ । বুধবাৰে বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ নিজৰ জন্ম গাঁৱলৈ অনাৰ লগে লগে শোকাকুল পৰিবেশৰ সৃষ্টি হয় । নিজৰ আপোনজনক হেৰুৱাই বীৰ শ্বহীদগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰে।পত্নীৰ হিয়া ভগা কোন্দোনে উপস্থিত প্ৰতিজন লোকৰ দুচকু সেমেকাই তোলে ।এটি ডেৰবছৰীয়া সন্তানৰ পিতৃ বিশ্বজীৎ নৰহে পত্নীৰ লগতে পিতৃ মাতৃ আৰু দুজন ভাতৃ এৰি গৈছে।বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সেনাৰ এখন বিশেষ বাহনে লৈ আনে।গাওঁবাসীয়ে বীৰ শ্বহীদ বিশ্বজিৎ নৰহ অমৰ হওঁক, বন্দে মাতৰম আদি শ্ল’গানাৰে বীৰ গৰাকীলৈ সন্মান জনাই। উল্লেখ্য যে, জিয়াকন নৰহৰ জেষ্ঠ পুত্ৰ বিশ্বজিৎ নৰহ দেশ মাতৃৰ সেৱাৰ বাবে ২০১২ চনত ভাৰতীয় সেনা বাহিনীৰ অৰুনাচল স্কোৱাটত ভৰ্তি হৈছিল। ইফালে বীৰ শ্বহীদগৰাকীৰ পিতৃয়ে জেষ্ঠ পুত্ৰ দেশৰ সেৱাত নিয়োজিত হৈ থকা অৱস্থাত মৃত্যুক আকোঁৱালি লোৱাত দুখ লাগিলেও পিতৃ হিচাপে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে। আনহাতে বীৰ শ্বহীদ গৰাকীলৈ সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জনোৱা লগতে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনাই সেনাবাহিনীয়ে।