আজি মে ডাম মে ফি। আহোমসকলৰ ধৰ্মীয় পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে ডাম মে ফি। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে।
আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙতো উদযাপন কৰা হব মে ডাম মে ফি। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাবুঙৰ নৱনিৰ্মিত গৃহ উদ্বোধন কৰিব।
উল্লেখ্য যে, মে ডা মে ফিৰ পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেৱতা। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।