- বুধবাৰে গুবাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই নেপালী মন্দিৰ প্ৰাংগনৰ সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে।
- গুৱাহাটী দুগ্ধ ব্যৱসায় সন্থাই গাখীৰৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিছে।
- নতুন নিৰিখ অনুসৰি পাইকাৰীৰ দাম ৫৩.৪০ টকাৰ পৰা ৫৭.৪০ লৈ ৪ টকাকৈ বৃদ্ধি কৰা হৈছে।
- খুচুৰা দামৰ ক্ষেত্ৰত পূৰ্বৰ ৫৫ টকাৰ পৰিবৰ্তে ৬০ টকালৈ বৃদ্ধি কৰা হৈছে।
- গাখীৰৰ এই নতুন নিৰিখ আগষ্ট মাহৰ পৰা সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হ’ব।
- যিহেতু কিছুসংখ্যক জিলা বৰ্তমানো বানৰ কবলত আছে, গতিকে তেনে জিলাসমূহত গাখীৰৰ মুল্যৰ ক্ষেত্ৰত সকাহ দিয়া হ’ব।