মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হ’ব চলিত বৰ্ষৰ বীৰ পাংৰাও বঁটা ৷ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আগবঢ়োৱা হ’ব এই বঁটা। আমগুৰিৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ঐতিহাসিক পাংৰাও ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ’ব মে-ডাম-মে-ফী ৷ এই বিশেষ দিনটোতেই মন্ত্ৰী যোগেন মোহনক প্ৰদান কৰিব বীৰ পাংৰাও বঁটা ৷
শুকুৰবাৰে আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লালিমচাপৰি বীৰ পাংৰাও সমন্বয় ক্ষেত্ৰত বৃহত্তৰ আমগুৰি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া মে-ডাম-মে-ফী আৰু বীৰ পাংৰাও বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয় । পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে মে-ডাম-মে-ফী উদযাপন সমিতিৰ সভাপতি বুদ্ধেশ্বৰ শেনচোৱা, জিতু গগৈ, নৃপেন গগৈ, মৃদুল বাইলুং ফুকন, দীনেশ দুৱৰা আদি বিশিষ্ট ব্যক্তিসকলে ।