• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 21, 2022
in News, গুৱাহাটী, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
0
জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ
Share on FacebookShare on Twitter

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিধায়ক তথা দলিত নেতা মেৱানীক বুধবাৰে নিশা গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

কোকৰাঝাৰৰ অনুপ কুমাৰ দে’য়ে কোকৰাঝাৰ থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক । অভিযোগ কৰা অনুসৰি, মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কিছুদিন পূৰ্বৰে পৰা কেইবাটাও টুইট কৰিছিল ৷ যিয়ে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ৷মেৱানীৰ পোষ্টবোৰে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসাধাৰণৰ শান্তি বিঘ্নিত কৰাৰ লগতে অপৰাধমূলক কাৰ্য সংঘটিত কৰিবলৈ উচতনি দিয়া বুলিও অনুপ কুমাৰ দে’য়ে এজাহাৰত উল্লেখ কৰে ৷

বৰাই সংবাদমেলত কয় যে, গুজৰাটৰ বলিষ্ঠ কংগ্ৰেছ নেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেশ তথা ৰাজ্যত পুলিচৰাজৰ প্ৰমাণ দিছে । অসম আৰক্ষীৰ এই দমন নীতিক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে । ভূপেন বৰাই আৰু কয় যে, বিগত ১২ দিনত গুৱাহাটীত ১৩ টা মৃতদেহ ওলাইছে । অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ঘটনাৰ তদন্ত কৰাত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । কিন্তু এটা টুইটৰ বিৰুদ্ধে বিজেপি নেতাৰ হেঁচাৰ বাবে জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গুজৰাটত গৈ গ্ৰেপ্তাৰ কৰিছে ।তেওঁ লগতে কয় যে, গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কংগ্ৰেছ দলক ভয় খুৱাবলৈ বিচাৰিছে ।

জিগনেশ মেৱানীৰ দৰে বলিষ্ঠ কণ্ঠক বিজেপিয়ে ৰুদ্ধ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে । আমি দলৰ পৰা জিগনেশ মেৱানীক আইনীভাৱে মুকলি কৰাৰ বাবে তিনিগৰাকী অভিজ্ঞ অধিবক্তাক কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছো । বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে গুৱাহাটীত ১৪৪ ধাৰা চলি থকাৰ বাবে আমি ৰাজপথত আন্দোলন কৰিব যোৱা নাই ।

তেওঁ শুকুৰবাৰৰ ভিতৰত জিগনেশ মেৱানীক আৰক্ষীয়ে মোকলাই নিদিলে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, গুজৰাটত গ্ৰেপ্তাৰ কৰা জিগনেশ মেৱানীক অসম আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা বিমানেৰে গুৱাহাটীলৈ আনে ৷ সম্প্ৰতি কোকৰাঝাৰলৈ নিয়া হৈছে বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক ।

Previous Post

সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

Next Post

গুটখাৰ বিজ্ঞাপনৰ বাবে অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুটখাৰ বিজ্ঞাপনৰ বাবে অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে

গুটখাৰ বিজ্ঞাপনৰ বাবে অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে

নগাঁও : ধৰ্ষণকাৰীক পুনৰ এনকাউণ্টাৰ

নগাঁও : ধৰ্ষণকাৰীক পুনৰ এনকাউণ্টাৰ

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জগদুৱাৰত ৰঙালী বিহু উদযাপন

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জগদুৱাৰত ৰঙালী বিহু উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8