আজি বিয়লি কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱা আছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বিতৰ্কিত মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰি থকা বিধায়ক শ্বেৰমান আলীয়ে গৰুখুঁটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰি কৰা মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত জেললৈ যাবলগীয়া হৈছিল।
নিজৰ বিতৰ্কিত মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰাৰ লগতে কংগ্ৰেছ দলক বিপদত পেলাই অহা শ্বেৰমান আলী আহমেদক কংগ্ৰছে সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। এই জাননীৰ উত্তৰ প্ৰদানৰ বাবে অন্তীম সময় আছিল ৩১ জানুৱাৰী ২০২২। কিন্তু বিতৰ্কিত বিধায়কগৰাকীয়ে নিজৰ স্থিতিত অটল আছে।
বিশেষ সূত্ৰে জানিব পৰা মতে বিতৰ্কিত বিধায়কগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিব। অৱশ্যে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তি হ্ৰাস হ’ব পৰাকৈ কোনো কঠোৰ সিদ্ধান্ত কংগ্ৰেছ সভাপতি ভূপেন বৰাই গ্ৰহণ নকৰিব পাৰে বুলিও এক চৰ্চা চলিছে। উল্লেখ্য যে শ্বেৰমান আলীয়ে পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈ কংগ্ৰেছ দলক বিপদত পেলাইছিল।