বুধবাৰে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস । ১৯৯৮ চনত পোখৰাণত আজিৰ দিনটোতেই সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল । সেয়ে এই দিনটোক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয় । বিভিন্ন স্থানত এই দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে ।
ইপিনে প্ৰধানমন্ত্ৰী মোডীয়েও এই দিৱসক লৈ বিশেষ টুইট কৰে । পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সময়ত অৱদান আগবঢ়োৱা ভাৰতৰ বিজ্ঞানীসকলক তেওঁ স্মৰণ কৰে । টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যিসকল বিজ্ঞানীৰ বাবে দেশে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিব পাৰিছে, তেওঁলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা ।
উল্লেখ্য যে, যিহেতু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে এই পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছিল । সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে এই পৰীক্ষাৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে ।
উল্লেখ্য যে, ভাৰতে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ পাছতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি বহু ৰাষ্ট্ৰই ভাৰতৰ শক্তি দেখি স্তম্ভিত হৈ পৰিছিল । তেতিয়াৰে পৰা ভাৰতক বহু ৰাষ্ট্ৰই অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে । ইফালে এই পৰীক্ষাৰ পাছতে বিশ্বৰ বহু দেশে ভাৰতক সমালোচনা কৰাও দেখা গৈছিল ।