আজি অৰ্থাৎ ১ এপ্ৰিলৰ পৰা বৃদ্ধি হ’ল ৰাজ্যৰ টোলগেট সমূহৰ কৰ। মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ মাজতেই চৰকাৰে টোলগেটৰ কৰ বৃদ্ধি কৰি জনতাৰ ওপৰত মাধমাৰ সোধাইছে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে জাৰি কৰা জাননী অনুসৰি ১৫ শতাংশকৈ বৃদ্ধি পাইছে টোলগেটৰ কৰ। অৰ্থাৎ টোলগেটেৰে বাহন পাৰ হলে ভৰিব লাগিব পূৰ্বতকৈ অধিক টকা।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন ঠাইত অতি কম দুৰত্বত থকা টোলগেট সমূহৰ পৰা ৰাইজ অতিষ্ঠ হোৱাৰ মাজতেই এই কৰ বৃদ্ধিয়ে অধিক চিন্তিত কৰিছে ৰাইজক। ইতিমধ্যে এই কৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি প্ৰতিবাদৰো হুংকাৰ দিছে বিভিন্ন দল-সংগঠনে।