শেহতীয়াকৈ হৈ যোৱা পৌৰনিগম নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব নোৱাৰিলে । সেয়ে সকলোৰে এটাই মত নি:শেষ হ’ল কংগ্ৰেছ দল । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ দল সম্পূৰ্ণৰূপে বিধ্বস্ত হ’লেও কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই ৷ কংগ্ৰেছ দলৰ সংগঠনৰ লগতে প্ৰতিগৰাকী কৰ্মীৰ নিষ্ঠা আৰু সততাৰ ওপৰত আমাৰ বিশ্বাস আছে ৷ এই মন্তব্য গৌৰৱ গগৈৰ ।
বোকাখাতত সোমবাৰে সাংসদ পুঁজিৰ ধনেৰে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি সাংসদ গৌৰৱ গগৈয়ে মন্তব্য প্ৰকাশ কৰি ক’লে এতিয়াৰে পৰা কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা, কৰ্মী প্ৰতি ৰাইজৰ ঘৰে ঘৰে যোৱা আৰম্ভ কৰিছে ৷ অতি কম দিনৰ ভিতৰতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছ দলৰ পূৰ্বৰ ভেটি সুদৃঢ় কৰাৰ যথেষ্ট চেষ্টা কৰিছে ।
ইফালে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ দল ত্যাগে কংগ্ৰেছ দলৰ কোনো ক্ষতি সাধন নকৰে ৷ ব্যক্তিগতভাৱে ৰিপুন বৰা এজন ভাল আৰু যোগ্য ৰাজনৈতিক নেতা ৷ কিন্তু যিটো দলত ৰিপুন বৰাই নতুনকৈ যোগদান কৰিছে তাতহে ৰিপুন বৰাৰ ভৱিষ্যৎ নাই বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷