চিলিত আৱিষ্কাৰ হোৱা এক ৰহস্যজনক প্ৰকাণ্ড গাঁতে সকলোতে কৌতূহলৰ সৃষ্টি কৰিছে। কোনেও নজনা এই প্ৰকাণ্ড গাতটো কেনেকৈ সৃষ্টি হ’ল সেয়া এতিয়া সকলোৰে চিন্তাৰ বিষয় হৈ পৰাৰ লগতে গৱেষকসকলৰ মনতো তীব্ৰ কৌতূহৰ সৃষ্টি হৈছে।
চিলিৰ উত্তৰ দিশৰ এটা খনিৰ সমীপত এই গাঁতটো উদ্ধাৰ হৈছে। ড্ৰোনযোগে গাঁতটোৰ ফটো পোৱাৰ পিছতে প্ৰশাসনে গাঁতটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, চিলিৰ নেচনেল চাৰ্ভিচ অৱ জিঅ’লজি এণ্ড মাইনিং, ছান্টিয়াগোৰ পৰা প্ৰায় ৬৬৫ কিলোমিটাৰ উত্তৰে অৱস্থিত অঞ্চলটোলৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিছে।