বহু অপৰাধৰ গোচৰ আছে মৃদুপৱন নেওগৰ বিৰুদ্ধ। মৃদুপৱন নেওগক বিচাৰি অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান । শিৱসাগৰৰ আমগুৰিৰ পৰা আটক কৰা হৈছে মৃদুপৱনৰ দুই সহযোগীক । মৃদুপৱন নেওগৰ দুই সহযোগী ৰক্তিম গগৈ আৰু অভিজিৎ গগৈক আটক কৰি সোধ পোছ আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । নগাঁও আৰক্ষীৰ পৰা মৃদুপৱন নেওগ সাৰি যাব নোৱাৰিব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আৰক্ষীক সহযোগ কৰিবলৈ মৃদুপৱন নেওগক আহ্বান জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।
আনহাতে এনকাউণ্টাৰৰ ভয়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰা নাই বুলি মৃদুপৱনে কৰা মন্তব্য সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, আৰক্ষীক যদি বিশ্বাস নকৰে তেনেহ’লে মহামান্য আদালতত তেওঁ কিয় আত্মসমৰ্পণ কৰা নাই। মৃদুপৱন নেওগ হৈছে এটা মিছলীয়া।” ভিপিএনৰ জৰিয়তে নিজৰ পৰিচয় লুকুৱাই তেওঁ সংবাদমাধ্যমত মন্তব্য দিয়ে বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “তেওঁৰ বিৰুদ্ধে বহু ধাৰাত গোচৰ ৰুজু হৈ আছে। যদি তেওঁ নিৰ্দোষী হ’ল হয় তেন্তে আত্মসমৰ্পন কৰি আৰক্ষীক তদন্তত সহযোগ কৰিলে হয়।”
উল্লেখযোগ্য যে, মৃদুপৱন নেওগৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৩২৮/২১ নম্বৰ গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক দায়িত্ব দিছিল নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে।