কিছুদিন পূৰ্বে নগাঁৱৰ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি কৰা হ’ল। কিন্তু ইয়াৰ পিছতো অপৰাধৰ বিৰুদ্ধে থমকি ৰোৱা নাই নগাঁও আৰক্ষী । আনন্দ মিশ্ৰৰ বদলিৰ পিছত প্ৰথমটো বৃহৎ সফলতা নগাঁও আৰক্ষীৰ । এছ আই জোনমণি ৰাভাৰ নেতৃত্বত উৎখাত হ’ল নাৰীদেহ ব্যৱসায়ী চক্ৰ । অসংযত অৱস্থাত আটক যুৱতী, জব্দ ড্ৰাগছৰ লগতে আপত্তিজনক সামগ্ৰী ।
সকলো প্ৰকাৰৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে বহুকেইটা অভিযান চলাই সফলতা লাভ কৰা আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ বদলিক লৈ উদ্বিগ্ন হৈ পৰিছিল একাংশ লোক। মিশ্রৰ বদলিৰ পাছত নগাঁৱত পুনৰ অপৰাধৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছিল। পিছে আনন্দ মিশ্ৰবিহীন নগাঁও আৰক্ষীক সবল নেতৃত্ব দিছে জোনমণি ৰাভাই ৷
বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে ধ্ৰুৱ বৰাক দায়িত্ব অৰ্পণ কৰি বিদায় ল’লে আই পি এছ বিষয়া আনন্দ মিশ্ৰই । চৰকাৰী নিৰ্দেশ অনুযায়ী নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছে পূৰ্বে বহুকেইটা অভিযানৰ নেতৃত্ব বহন কৰা এইজন ধ্ৰুৱ বৰা । বৃহস্পতিবাৰে আনন্দ মিশ্ৰই নগাঁৱৰ দায়িত্ব এৰি যোৱাৰ এটা দিন পিছতেই নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা ।
কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হোৱা এগৰাকী বিধায়কৰ সৈতে টেলিফোনিক বাৰ্তালাপত নিজৰ সাহসিকতাৰ পৰিচয় দিয়া এইগৰাকীয়েই এছ আই জোনমণি ৰাভা ।