“মোৰ শান্তি নোহোৱা হৈছে” এই বাক্যশাৰী প্ৰকাশ কৰিলে নাছিৰুদ্দিন শ্বাহে। ৭১ বছৰীয়া অভিনেতাগৰাকী আক্ৰান্ত হৈছে অনোমাটোমেনিয়া নামৰ এবিধ ৰোগত । তেওঁৰ মন্তব্য “মই অনোমাটোমেনিয়া নামৰ এক ৰোগত আক্ৰান্ত। এই ৰোগে মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। মই ধেমালি কৰা নাই। এয়া এক মেডিকেল কণ্ডিচন ।
আপুনি অভিধান চাই এই ৰোগ কি বুজিব পাৰিব।” ইয়াৰ উপৰি তেওঁ কয় যে, অনোমাটোমেনিয়া হৈছে এনে এক ৰোগ য’ত আপুনি যিকোনো সময়ত এটা শব্দ,বাক্য,বক্তব্য বিনা কাৰণত আওঁৰাই থাকে। বাৰে বাৰে একেটা কথাৰেই পুনৰাবৃত্তি হৈ থাকে।
তেওঁ আকৌ কয় যে,এইটো মোৰ সৈতে প্ৰতি মুহূৰ্তত ঘটে, সেয়েহে মোৰ একেবাৰে শান্তি নোহোৱা হৈছে। আনকি যেতিয়া মই শুই থাকো, মই ভাল পোৱা যিকোনো এটা কথা আওঁৰাই থাকো। এনেকুৱা হ’লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে।”
এই বিশিষ্ট অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল‘গেহৰাইয়া’ছবিখনত । এই ছবিখনত দীপিকা পাডুকনৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল নাছিৰুদ্দিনে। ইয়াৰ উপৰিও তেওঁক ৱেব চিৰিজ ‘কৌন বনেগা শিখৰৱতী’তো দেখা গৈছিল।