উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ ৷ ২০২৪ চনৰ ভিতৰত উত্তৰ-পূৱক ৰাজধানী চহৰ নতুন দিল্লীৰ সৈতে সংযোগ কৰা হ’ব ৷ কেন্দ্ৰীয় ৰে’ল,কয়লা আৰু খনি মন্ত্ৰী ৰাওচাহেব দানভে সদৰি কৰে এই কথা ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত ২১ এপ্ৰিলত ৰে’ল বিভাগৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰিবলৈ ত্ৰিপুৰাত উপস্থিত হৈ ঘোষণা কৰে এই কথা । মন্ত্ৰীগৰাকীয়ে আগৰতলা-আখাউৰা (বাংলাদেশ) ৰে’ল সংযোগ আৰু নিচিন্তপুৰ ৰে’লৱে য়াৰ্ড পৰিদৰ্শন কৰে ৷
“প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আমি ৰে’লৰ জৰিয়তে উত্তৰ-পূৱক দিল্লীৰ সৈতে সংযোগ কৰিবলৈ কাম কৰি আছো ৷ ইতিমধ্যে প্ৰায় ৬০ শতাংশ কাম সমাপ্ত হৈছে ৷ অৱশিষ্ট অংশখিনি ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব”, বুলি মন্ত্ৰীগৰাকীয়ে এনেদৰে ব্যক্ত কৰে ৷
ইপিনে চৰকাৰে শীঘ্ৰে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুম উপ সংমণ্ডলত এটা ‘মাল্টি-মডেল পৰিবহন কেন্দ্ৰ’স্থাপন কৰিব ৷ যিয়ে আন্তঃৰাজ্যিক ক্ষেত্ৰত মালবাহী ৰে’লৰ চলাচলত সহায় কৰিব ৷”