‘আমাৰ চুবুৰীয়া ৰাজ্য অৰণাচল,আমি সকলোৱে মিলি ভাই-ভনীৰ দৰে থাকিব লাগে’এই মন্তব্য চিত্ৰশিল্পী নিলিম মহন্তৰ । অৰুণাচলত কাৰাবন্দী হৈ থকা শিল্পী নীলিম মহন্তই মঙলবাৰে নিশা মুকলি হৈ আহিয়েই সংবাদ মাধ্যমৰ আগত এই মনোভাৱ ব্যক্ত কৰে ৷ শিল্পীগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ সৈতে সংঘাত হোৱাটো নিবিচাৰে । বিপৰীতে অসম-অৰুণাচলৰ সমন্বয়-সম্প্ৰীতিৰ হকে কাম কৰি যাব বুলি শিল্পী মহন্তই ব্যক্ত কৰে ।
অৰুণাচলৰ আৰক্ষীৰ জিম্মাৰ পৰা জামিনত মুকলি হৈ আহি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হয় যুৱ শিল্পীগৰাকী ৷ নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ ঘটনাই দুয়োখন ৰাজ্যৰ সম্প্ৰীতিত যাতে আঘাত নকৰে তেওঁ সকলোকে আহ্বান জনায় তেওঁ।
শৈল্পিক শৈলীৰে তেওঁ অৰুণাচলক সোনকালেই বহু উপহাৰ দিব বুলিও প্ৰকাশ কৰে ৷ ইয়াৰ লগতে শিল্পীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে উঠাই লোৱাৰ আশা প্ৰকাশ কৰে ৷