সোমবাৰে ৰাজ্যত প্ৰকাশ পালে নতুন এছ অ’ পি ৷ পূৰ্বৰ SOP ৰ কিছু পৰিৱৰ্তন কৰি ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP । শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জাৰি কৰিছে নতুন SOP । ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা কৰা হৈছে কৰা হৈছে ৷ পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নকৰা পৰ্যন্ত বিদ্যালয়সমূহে অষ্টম শ্ৰেণীলৈ অনলাইন পদ্ধতিত পাঠদান কৰিব লাগিব । সোমবাৰে প্ৰকাশ কৰা SOP ত ৰাজ্য চৰকাৰে এই কথা উল্লেখ কৰিছে ।
আনহাতে স্নাতক, স্নাতকোত্তৰ লগতে অন্যান্য শ্ৰেণীসমূহ বাহাল থাকিব । পূৰ্বতে কেৱল কামৰূপ মহানগৰ জিলাতহে অষ্টম শ্ৰেণীলৈকে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল যদিও ৰাজ্যৰ অন্য জিলাত পঞ্চম শ্ৰেণীলৈ বন্ধ হৈ আছিল শ্ৰেণীকোঠাৰ পাঠদান ।
ইপিনে গণৰাজ্য দিৱসৰ ক্ষেত্ৰতো ঘোষণা কৰা হৈছে কেতবোৰ নিৰ্দেশনা । গুৱাহাটীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ১০০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব । জিলাভিত্তিক কাৰ্যসূচীত ৫০০ আৰু গণৰাজ্য দিৱসৰ অন্যান্য কাৰ্যসূচীত ২০০ জন লোক উপস্থিত থকাৰহে অনুমতি দিয়া হৈছে । গণৰাজ্য দিৱসৰ আগৰ আৰু পিছৰ কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ আহ্বন জনোৱাৰ লগতে পেৰেডত কোনো ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰকাশ কৰে।