১ বিশ্ব স্বাস্থ্য দিৱসত সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ কামনাৰে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে।
২ বিহু উদযাপন নকৰা বিহু সমিতিয়ে সাহায্যৰ বাবে আবেদন কৰিলে মুখ্যমন্ত্ৰীক
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাত বিহুত ৰঙালী বিহু উদযাপন কৰা ১০ বছৰ পুৰণি বিহু সমিতিক ডেৰ লাখ টকা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ পিছতেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰা একাংশ বিহু সমিতি তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে।
৩ জাইকাৰ সদস্যৰ সৈতে আলোচনাত মিলিত হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
অসমৰ স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্পক লৈ অসম ভ্ৰমণলৈ অহা জাইকাৰ চাৰিগৰাকী সদস্যৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে বুধবাৰে নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে এখন আলোচনাত মিলিত হয়।
৪ প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’ব “জ্ঞানপীঠ”ৰ অনুষ্ঠান
প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ ভিতৰতে তৃতীয়বাৰৰ বাবে দিল্লীৰ বাহিৰত ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে আয়োজন কৰিছে বঁটা প্ৰদানৰ এক বিশেষ অনুষ্ঠান । ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠান ।
৫ ১ মাহ পৰ্যন্ত সন্ধান নোলাল গুৱাহাটী পৰা শিৱসাগৰ অভিমুখী এজন যুৱকৰ
গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী বাছৰ পৰা নিৰুদ্দেশ হৈ আছে এজন যুৱক । যোৰহাটত অনুৰাগ নামৰ বাছৰ পৰা সন্দেহজনক ভাৱে ২১ বছৰীয়া যুৱক এজন নিৰুদ্দেশ হৈছে।
বহিৰাগত বাছৰ চালকৰ ৰহস্য জনক মন্তব্যৰ পিছত সন্দেহৰ আৱৰ্তত আছে নিৰুদ্দেশ হোৱা যুৱক জন ।