১ অসমত দশম শ্ৰেণীলৈ বাধ্যতামূলক হিন্দী!
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক অনুষ্ঠানৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত হিন্দী বাধ্যতামূলক হ’ব বুলি মন্তব্য কৰিছে। তেওঁ কৈছে যে,ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত ২২,০০০ হিন্দীৰ শিক্ষক নিযুক্তি দিয়া হৈছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৯ টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে।
২ শিৱসাগৰত জাৰি কৰা হৈছে সান্ধ্য আইন
শিৱসাগৰ জিলাৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগৰ মাজতে অতিৰিক্ত জিলা দণ্ডাধীশ বিতুপন নেওগে বৃহস্পতিবাৰে চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি কৰে। পৰৱৰ্তী জাননী নোপোৱালৈকে এই নিষেধাজ্ঞাসমূহ বলবৎ থাকিব বুলি জানিব পৰা গৈছে ।
৩ চৰাইদেউত ULFAৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ লাকুৱাৰ চাৰিমুঠিয়াত থকা ULFA (আলোচনাপন্থী)ৰ শিবিৰত ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
৪ তেজপুৰৰ মহিন্দ্ৰা ডিলাৰত ডকাইতিঃ ৭ খনকৈ বাহন লৈ উধাও!
এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শোণিতপুৰ জিলাক। বৃহস্পতিবাৰে নিশা তেজপুৰৰ মহিন্দ্ৰা ডিলাৰৰ গুডামৰ পৰা ডকাইতে ৭ খনকৈ বাহন লৈ যোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সকলোকে আশ্চৰ্য কৰি তুলিছে।
৫ ‘লোকেল উৎপাত’ৰ ট্ৰেইলাৰ মুকলিঃ ১৩ মে’ত আহিব ছবিগৃহলৈ
কাল্ট-ক্লাছিক চলচ্চিত্ৰ ‘লোকেল কুংফু‘ আৰু ইউটিউব চেনেল ‘হেভি বাজেট’ৰ আঁৰৰ দলটোৱে ১৩ মে’ত তেওঁলোকৰ বহু প্ৰত্যাশিত কমেডি ফিচাৰ ফিল্ম ‘লোকেল উৎপাত’ মুক্তি দিবলৈ সাজু হৈছে।
দলটোৱে আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘লোকেল উৎপাত’ৰ ট্ৰেইলাৰ মুকলি কৰে।