১ পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ’ল স্বামী
হাতত ছিন্ন মুণ্ড লৈ থানাত এজন প্ৰৱেশ কৰিছে এজন লোক । লোকজনৰ তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ এনে চিনেমাৰ দৰে ঘটনা বাস্তৱত সংঘটিত হৈছে ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক৷
২ চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ দাম
পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি । ৬ দিনত ৫ বাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। আজি গুৱাহাটীত পেট্ৰ’লত ৫৭ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৬০ পইচা। দেওবাৰে মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ৬৭ পইচালৈ বৃদ্ধি হয় । আনহাতে, ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ৭৯ পইচা।
৩ ডিজেলৰ অভাৱত অচল নিমাতী – মাজুলী চৰকাৰী ফেৰী সেৱা
সমস্যা জৰ্জৰিত মাজুলী যোৰহাট ফেৰী সেৱাই জ্বলাকলা খুৱাইছে যাত্ৰীক l অন লাইন অফ লাইন টিকট ক্ৰয় কৰিও যাত্ৰী ইপাৰ সিপাৰ হব পৰা নাই l এই সমস্যাত বিভাগৰ চালে বাৰে কোবোৱা মন্তব্যই অতিষ্ঠ হৈ পৰিছে যাত্ৰী l
৪ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২
সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২।
৫ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ অগপৰ পত্ৰ প্ৰেৰণ
কংগ্ৰেছ আৰু বিজেপিৰ পিছত দেওবাৰে অগপয়ো বিহুৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অগপ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছে।