১আজিৰে পৰা আৰম্ভ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা
আজিৰে পৰা ৰাজ্যত আৰম্ভ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। বহু বিতৰ্কৰ পাছতো পুৰণি প্ৰশ্ন কাকতেৰেই হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু অসম মাধ্যমিক শিক্ষা পৰিষদ।
২পৰীক্ষাৰ প্ৰথম দিনটোতেই আত্মহত্যা ছাত্ৰৰ !
আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু সময় পূৰ্বে এগৰাকী ছাত্ৰৰ আত্মহত্যাই তোলপাৰ লগাইছে সমগ্ৰ তেজপুৰ চহৰ ৷
৩ বিধানসভাত হুলস্থুলীয়া পৰিৱেশ, দুবাৰকৈ স্থগিত সদন
বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাও সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ ফলত অধ্যক্ষই দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয় সদন। সদনত শাসক–বিৰোধীৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক–বিতণ্ডাৰ বাবে স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম–কাজ।
৪ হিজাব নিষিদ্ধৰ সপক্ষে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়
হিজাব বিতৰ্কৰ ওপৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰে। ন্যায়ালয়ে কয় যে, হিজাব পৰিধান কৰাটো অনিবাৰ্য ধৰ্মীয় প্ৰথা নহয়। ইয়াৰ লগতে ন্যায়ালয়ে ইযাৰ ওপৰত নিষেধাজ্ঞা জাৰি ৰাখিছে।
৫ ১৬মাৰ্চৰ পৰা ১২-১৪বছৰীয়াক প্ৰদান কৰা হ’ব কʼভিড ভেকচিন
কʼৰোনাৰ প্ৰকোপ ক্ৰমান্বয়ে কমি আহিছে যদিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাৱধানতা লোৱাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব খোজা নাই। সেয়েহে অহা ১৬মাৰ্চৰ পৰা ১২ৰ পৰা ১৪বছৰৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব কʼভিড ভেকচিন।