১ পুনৰ ঋণ! আজিৰ কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আজি অৰ্থাৎ ২ এপ্ৰিলত অনুষ্ঠিত হৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই কয়-নবাৰ্ডৰ পৰা ১৭০ কোটি ১৫ লাখ টকা ঋণ লোৱাৰ সিদ্ধান্ত। তিনিখন গ্রাম্য দলং আৰু পথ নিৰ্মাণৰ বাবে লোৱা হ’ব এই ঋণ।
২ অৱধাৰিতভাৱেই আজিও বৃদ্ধি ইন্ধনৰ মূল্য
সাধাৰণ জনতাৰ মূৰত জাপি দিয়া মূল্যবৃদ্ধিৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ইন্ধনৰ মূল্য। দৈনিক বৃদ্ধি কৰা হৈছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। দৈনিক এইদৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে এনে এক পৰ্যায়ত উপনীত হৈছে যে সাধাৰণ জনতাক এই খবৰ নিদিলেও সকলোৱে ইয়াক আগতীয়াকৈ অনুমান কৰিব পৰা হৈছেগৈ। শনিবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।
৩ কংগ্ৰেছ এতিয়া দিশহাৰা নাওঃ ধানোৱাৰ
প্ৰদেশ কংগ্ৰেছত আন এক মুখ্যম আঘাট সানি এইবাৰ দলত্যাগ কৰিলে এগৰাকী শক্তিশালী নেতাই। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে মনোজ ধানোৱাৰে। দলটোৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দলত্যাগ কৰিলে কংগ্ৰেছৰ
প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰে।
৪ ৰাজ্যৰ ৬৫ গৰাকীৰো অধিক ACS বিষয়াক পদোন্নতি
ৰাজ্য চৰকাৰে শুকুৰবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰশাসনৰ যথেষ্ট সংখ্যক বিষয়াক পদোন্নতিৰ লগতে বদলি কৰিছে। ৰাজ্যৰ মুঠ ৭৩ গৰাকী ACS বিষয়াক ৰাজ্য চৰকাৰে বদলি কৰাৰ লগতে ইয়াৰে বহু কেইজনক পদোন্নতি দিছে।
৫ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে দিশপুৰ মহাবিদ্যালয়ৰ বাকৰি
গছত ন-পাত ওলাইছে। চৌদিশে বিয়পি পৰিছে কপৌফুলৰ সুবাস। কুলি চৰাইটিয়ে গছৰ ডালত পৰি মাত লগাইছে। মুঠতে, চাৰিওফালে বসন্ত অহাৰ আগজাননী লগতে বহাগক আদৰাৰ প্ৰস্তুতি। বাপতিসাহোন বিহুটিক আদৰাৰ প্ৰস্তুতিত আত্মহাৰা হৈছে প্ৰতিগৰাকী অসমীয়া। বিহুৱাৰ ঢোঁল-পেপাঁৰ মাতেৰে ৰজনজনাই হৈছে আকাশ বতাহ। পিছপৰি ৰোৱা নাই দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো। দিনে নিশাই তেওঁলোক ব্যস্ত হৈ পৰিছে বিহুৰ আখৰা কৰাত।