১ আজিৰে পৰা ৰমজানৰ ৰোজা আৰম্ভ
আজিৰে পৰা অৰ্থাৎ ৩ এপ্ৰিল, দেওবাৰৰ পৰা ৰমজানৰ ৰোজা আৰম্ভ। মুছলমান সম্প্ৰদায়ৰ প্ৰেম আৰু ভাতৃত্ববোধৰ পবিত্ৰ ৰমজান মাহ। শনিবাৰৰ পৰাই অসম তথা উত্তৰ-পূবৰ লগতে দেশত দেখা গৈছে ৰমজান মাহৰ জোন। কেন্দ্ৰীয় হিলাল কমিটীয়ে অসমবাসীলৈ জনাইছে ৰমজানৰ আন্তৰিক শুভেচ্ছা।
২ ৰক্ষা! ইমৰাণ খানৰ বিৰুদ্ধে থকা অনাস্থা প্ৰস্তাৱ নাকচ
অৱশেষত কিছু সকাহ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈ। খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ ৰবিবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে। প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে, তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।
৩ গুগলক মিলিয়ন ডলাৰৰ জৰিমনা বিহিব ৰাছিয়াৰ চৰকাৰে
ৰাছিয়াৰ গণ মাধ্যম সংস্থাই কৈছিল যে ৱিকিপিডিয়া আৰু গুগলে ইউক্ৰেইনত চলা ৰাছিয়াৰ বিশেষ সামৰিক অভিযানৰ বিষয়ে ৰাছিয়াৰ ব্যৱহাৰকাৰীসকলক ভুল তথ্য অৱগত কৰিবলৈ চেষ্টা কৰি আছে। সেই তথ্যই সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।
৪ শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা, বন্ধ হ’ল ছ’চিয়েল মিডিয়া
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা শ্ৰীলংকাত ১ এপ্ৰিলৰ পৰা জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ লগতে মানুহৰ মৌলিক অধিকাৰৰ ওপৰতো আক্ৰমণ কৰা হৈছে। আৰ্থিক সংকটৰ মাজতেই ইয়াৰ বিৰোধিতা কৰি লাখ লাখ মানুহে প্ৰতিবাদ প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ মাজতেই চৰকাৰে বন্ধ কৰি দিলে ছ’চিয়েল মিডিয়া।
৫ চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজ্যখনৰ চাহ বাগিচাসমূহত নিৰ্মাণ কৰি থকা ১১৭খন হাইস্কুলৰ ভিতৰত ৯৭খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এই ৯৭খন হাইস্কুলত আগন্তুক বহাগ বিহুৰ পৰা পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাজ্যিক কেবিনেটে শনিবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই বিদ্যালয়কেইখনত ৭০৫গৰাকী শিক্ষকক অস্থায়ীভাৱে আন বিদ্যালয়ৰ পৰা নি নিয়োগ কৰা হৈছে আৰু দুমাহৰ ভিতৰত স্থায়ীভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে৷