১ পুনৰ এনকাউন্টাৰ! ছিপাঝাৰত নিহত ডকাইত
ৰাজ্যত পুনৰ এক এনকাউন্টাৰ ঘটনা সংঘটিত হৈছে। দৰং জিলাৰ ছিপাঝাৰত নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। ছিপাঝাৰৰ সানোৱাটাৰীত আৰক্ষীৰে সংঘৰ্ষত নিহত তাজিমুদ্দিন আহমেদ নামৰ এজন ডকাইত। গুৱাহাটীৰ পল্টন বজাৰত সংঘটিত ডকাইতি ঘটনাত জড়িত আছিল তাজিমুদ্দিন।
২ জলপানীৰ নামত ৩ কোটি টকা সৰকোৱা ৯ জন CIDৰ জালত
নগাঁও জিলাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দুদিন ধৰি চলোৱা অভিযানত নজনকৈ লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা জলপানীৰ ধন হৰলুকি কৰা ঘটনাৰ সন্দৰ্ভতে গুৱাহাটীৰ পৰা অহা ১৮ জনীয়া CID দলে নগাঁৱৰ ৯ টাকৈ স্থানত অভিযান চলাইছিল৷ এই অভিযানত প্ৰায় ৩ কোটি টকা আত্মসাতৰ তথ্য পোহৰলৈ আহিছে৷
৩ শিক্ষাৰ্থীলৈ সুখবৰঃ একে সময়তে দুটাকৈ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব!
বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউ জি চিৰ এক নতুন নীতিয়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ লগতে আশাৰ খবৰ কঢ়িয়াই আনিছে। এই নতুন নীতি অনুসৰি এতিয়াৰে শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব
৪ আৰক্ষীৰ তালাচীত উদ্ধাৰ ৫ টাকৈ চিম্পাঞ্জী
বিভিন্ন সময়ত অবৈধ ড্ৰাগছ,মাৰণাস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা নাগালেণ্ড আৰু মণিপুৰৰ পৰা মঙলবাৰে ৫ টাকৈ চিম্পাঞ্জী উদ্ধাৰ হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
৫ প্ৰাক্তন বিধায়ক অগপ নেতা বিনোদ গোৱালা আৰু নাই
সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ মৃত্যু। জি এম চি এইছত মৃত্যু হয় প্ৰাক্তন বিধায়গৰাকীৰ।
অসুস্থ বিনোদ গোৱালা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল। যোৱা ৩০ মাৰ্চৰ পৰা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী।