১) বিহুতলীত পৰিবহণ বিভাগৰ ব্যতিক্ৰম পথ-সুৰক্ষা অভিযান
ৰঙালীৰ আনন্দ উৎসৱৰ নামত অকণমান অসাৱধানতাৰ বাবে কোনো দুৰ্ঘটনাই যাতে বিহুৰ মাদকতা ম্লান কৰিব নোৱাৰে তাৰবাবে মহানগৰীৰ বিভিন্ন বিহুতলীত পৰিবহণ বিভাগৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ বিশেষ অভিযান অব্যাহত ৰখা হৈছে।
২)তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলতলা ব’হাগী উৎসৱ পালনৰ প্ৰস্তুতি
আগন্তুক ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা বহাগী উৎসৱ গুৱাহাটীৰ বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’ব। দেওবাৰে বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰি কৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱাই।
৩) ১০বজাৰ পৰিৱৰ্তে পুৱা ৯বজাতে খুলিব বেংক
১০ বজাত নহয় আজিৰে পৰা পুৱা ৯বজাতে খুলিব বেংক। শেহতীয়াকৈ RBIয়ে সদৰি কৰিছে এই তথ্য। অৱশ্যে বেংক বন্ধ হোৱাৰ সময়ক লৈ কোনো সালসলনি কৰা হোৱা নাই। এতিয়াৰে পৰা বেংকৰ কাম-কাজ কৰিবলৈ গ্ৰাহকে লাভ কৰিব ১ঘন্টাৰ অধিক সময়।
৪) আলফাৰ লিংকমেন সন্দেহত আটক এজন
আলফাৰ লিংকমেন বিচাৰি শিৱসাগৰত চলাইছে আৰক্ষীয়ে অভিযান। এই অভিযানত আলফাৰ লিংকমেনৰ সন্দেহত আটক এজনক। আটক কৰা লোকজনৰ নাম স্বপ্নীল বৰপাত্ৰ গোহাঁই। শদিয়া আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
৫) জেহাদী! অসমৰ ৫০ টা সমষ্টিত আছে জেহাদী
বাংলাদেশী মুছলমানৰ আধিপত্য থকা প্ৰতিটো সমষ্টিতে আৰক্ষীয়ে অভিযান চলালে জেহাদী ওলাব, এই মন্তব্য প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। আজি হোজাই জিলাৰ লামডিঙত অনুষ্ঠিত ক্ৰীড়া সজাগতা সম্পৰ্কীয় স্পৰ্টচ মটিভেচনেল শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ পিচত সাংবাদিকৰ আগত প্ৰাক্তন বিধায়কজনে কয় যে, অসমৰ ৫০ টা সমষ্টিত জেহাদী সোমাই পৰিছে।