১ আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান
ভাৰত চৰকাৰৰ বিভিন্ন জনস্বাৰ্থবিৰোধী নীতিৰ বিৰোধিতাৰে সোম আৰু মঙলবাৰে দুদিনীয়াকৈ ভাৰত বন্ধ তথা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে দেশৰ শ্ৰমিক-কৃষকৰ পৰা আৰম্ভ কৰি একাধিক কৰ্মচাৰী সংগঠনে। এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন দি অসম মটৰ শ্ৰমিক সংগঠন সমূহেও ৪৮ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিছে।
২ দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা
দুদিনীয়া ভাৰত বন্ধত স্তদ্ধ হৈ পৰিব দেশৰ বিত্তীয় লেন-দেন ব্যৱস্থা। চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰাকে ধৰি বিভিন্ন জনস্বাৰ্থবিৰোধী কাম-কাজৰ বিৰুদ্ধে কেন্দ্ৰীয় শ্ৰমিক ইউনিয়নে আহ্বান কৰা এই বন্ধৰ বাবে জীয়াতু ভুগিব সাধাৰণ লোকসকলে। আনফালে মাৰ্চ এণ্ডিঙৰ সময়চোৱাত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই প্ৰতিবাদে শলঠেকত পেলাব চৰকাৰকো।
৩ ৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ
ভাৰতীয় ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিলে RRRএ বোলছবিখনে। মুক্তিৰ ৩টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১,২৩৫কোটিৰা অধিক টকা। উল্লেখ্য যে, RRR ছবিখনে বাহুবলী-২ৰ ৰেকৰ্ডো ভংগ কৰিলে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই বাহুবলী-২ৰ ৰেকৰ্ড ভংগ কৰিছিল। বাহুবলী-২ৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ২১৫কোটি। ইয়াৰ পৰিৱৰ্তে RRRএ প্ৰথম দিনাৰ উপাৰ্জন হৈছে ২৩৫কোটি টকা।
৪ মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান
চিত্ৰশিল্পী নীলম মহন্তক অৰুণাচল আৰক্ষীয়ে দেওবাৰে নদীবান্ধ বিৰোধী ছবি অংকণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে। অৰুণাচল আৰক্ষীৰ ৰোষত পৰা চিত্ৰশিল্পী নীলম মহন্তক বৰ্তমানলৈকে মুকলি কৰি দিয়া নাই। হঠাতে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ মাতৃ।
৫ এটা ন’বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন
এটা ন’বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। ভাৰতীয় দলৰ ক্ৰিকেটাৰ দীপ্তি শৰ্মাৰ এটা ন’বলৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাক ২ টা বলত ৩ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে দীপ্তি শৰ্মাৰ বলত এটা ছয় মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ শ্বট গৈ পৰে হৰমনপ্ৰীতৰ হাতত। ভাৰতীয় ক্ৰিকেটাৰসকলে কৰিবলৈ লৈছিল চেলিব্ৰেছন।