শনিবাৰৰ পৰা আৰম্ভ হ’ল কৰা হ’ল নৈশ ফেৰী সেৱা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আৰম্ভ হয় এই সেৱা। জল পৰিবহণ বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে পৰা নিশাও ফেৰীৰে যাত্ৰা কৰিব পাৰিব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ । ইয়াৰ বাবে এটা ম’বাইল এপো প্ৰস্তুত কৰি উলিওৱা হৈছে । যাৰ দ্বাৰা নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব ।
মাদ্ৰাছ আই আই টিৰ বিজ্ঞানী ড৹ কে ৰাজুৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ এপটো । নিশা ম’বাইল এপৰ জৰিয়তে নদীত দিশ নিৰ্ণয় কৰা ব্যৱস্থাৰ ক্ষেত্ৰত অসমেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য ।
এই ব্যৱস্থাৰ ফলতেই উত্তৰ গুৱাহাটী ৱাসীৰ মাজত বহু সকাহ আহি পৰিছে । প্ৰায় ২ বছৰ ধৰি কাম কৰাৰ পিছত সফালতা লাভ কৰে জল পৰিবহণ বিভাগে । উল্লেখ যে,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ।