ফাইনেলত থাইলেণ্ডৰ বক্সাৰ জিতপাঙক ৫-০ পইণ্টত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে। ইয়াৰ লগে লগে বিশ্ব চেম্পিয়ন হোৱা তেলেংগনাৰ প্ৰথম মহিলা হিচাপে অভিলেখ গঢ়িলে নিখাতে । নিখাত জাৰিন হৈছে বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ । ইয়াৰ পূৰ্বে মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কেচিয়ে সোণৰ পদক লাভ কৰিছিল ।
নিখাত জাৰিনৰ এই সফলতাৰ পাছতে সমগ্ৰ তেলেংগনাত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ, খেলুৱৈগৰাকীৰ জন্মস্থান নিজামাবাদত বিজয় উদযাপন কৰা দেখা গৈছে ।
নিখাতৰ পৰিয়াল, বন্ধুবৰ্গ, চুবুৰীয়া, আত্মীয় আৰু প্ৰশিক্ষকসকলে হায়দৰাবাদৰ মানিকোণ্ডাত থকা তেওঁলোকৰ বাসগৃহত বিজয় উদযাপন কৰে ।নিখাতৰ পিতৃ জলিল আহমেদ আজি নিজৰ কন্যাক লৈ গৌৰৱান্বিত । যাৰ বাবে পিতৃয়ে চুবুৰীয়াৰ মাজত মিঠাই বিতৰণ কৰিছে । মাতৃৰ চকুতো দেখা গৈছে আনন্দৰ চকুপানী ।ইফালে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে নিখাত জাৰিনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, তেলেংগনাৰ জীয়ৰীয়ে সমগ্ৰ দেশক গৌৰৱান্বিত কৰাৰ বাবে তেওঁ অত্যন্ত আনন্দিত । তেওঁ কয় লগতে কয় যে চৰকাৰে সকলো ধৰণৰ ক্ৰীড়াক উৎসাহিত কৰি আহিছে ।