সোমবাৰে বিভিন্ন বাতৰিত প্ৰকাশ পাইছিল যে দেওবাৰে হৈ যোৱা SI পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ আগেয়ে প্ৰশ্নকাকত ফাদিল হৈছিল নেকি? এনে প্ৰশ্ন উত্থাপন হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা প্ৰশ্নকাকতক লৈ। কিয়নো দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লগা হৈছিল পৰীক্ষাৰ্থীয়ে।
পৰীক্ষা হলত আনকি মোবাইল নিয়াতো আছিল নিষেধাজ্ঞা। ছেবা কৰ্তৃপক্ষই অনুষ্ঠিত কৰা পৰীক্ষাত মোবাইলকে ধৰি ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰাৰ লগতে সকলো নিৰাপত্তামূলক ব্যৱস্থা লোৱা হৈছিল।
সোমবাৰৰ দিনটোত এনেধৰণৰ কথাবোৰ চলি থকাৰ সময়তেই মঙলবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে এখন স্পষ্টীকৰণ বিজ্ঞপ্তি প্ৰকাশ কৰে । এই বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে যে,পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকতসমূহ প্ৰাৰ্থীসকলক নিবলৈ নিদি ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত কেন্দ্ৰসমূহতেই ৰখাৰ ব্যৱস্থা কৰা হয় । কিয়নো কেতিয়াবা কোনো প্ৰাৰ্থীয়ে প্ৰশ্নকাকতত থকা চিৰিজ নং OMR চিটত লিখিব পাহৰি যোৱাৰ ফলত যথেষ্ঠ অসুবিধাৰ সন্মূখীন হোৱা যায় ।
গতিকে পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰাৰ স্বাৰ্থত ন্যস্ত মহলে উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে । সেয়েহে প্ৰাৰ্থীসকলক আমি আশ্বাস দিছো প্ৰকাশ বা প্ৰচাৰ হোৱা এনে বাতৰিৰ দ্বাৰা বিভ্ৰান্ত হ’ব নালাগে যিহেতু দেওবাৰে এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছে । এই মন্তব্য কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে ।