এতিয়াৰে পৰা প্ৰশাসনৰ অনুমতি নোলোৱাকৈয়ে বিক্ৰি অথবা ক্ৰয় কৰিব পাৰিব ফ্লেট। ৰাজ্য চৰকাৰে বিধানসভাত ৰেজিষ্ট্ৰেচন আইন গৃহীত কৰাৰ পাছতে আজি আনুষ্ঠানিক ভাৱে অনুমোদন জনায়।
ব্যৱসায়িক বিল্ডিং প্ৰশাসনৰ অনুমতি নোলোৱাকৈয়ে বিক্ৰি অথবা ক্ৰয় কৰিব পাৰিব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে যে, “প্ৰশাসনিক সংস্কাৰক অধিক উৎসাহিত কৰি, জিঅ’এ-য়ে ঘৰ, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, বাণিজ্যিক ভৱন আদি স্থানান্তৰ / লজৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে পঞ্জীয়ন আইনৰ ধাৰা 21এ সংশোধন কৰিছে। এতিয়াৰ পৰা, ইয়াৰ পৰা কোনো এন.ও.চি. প্ৰাপ্ত কৰাৰ প্ৰয়োজন নহ’ব।”