বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰিলে।
বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ দ্বাৰা নতুন সমিতিৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱা হ’ল ৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰে দায়িত্বভাৰ ৷
সেই উপলক্ষে বিশ্ববিদ্যালয়ৰ ইণ্ডিৰা মিৰি প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত পূৰ্বৰ সভাপতি, সম্পাদকে যাৱতীয় নথি পত্ৰসহ নতুন সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে । উল্লেখ্য যে, ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ।
মুঠ ১৮ টা পদৰ বিপৰীতে ৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এই নিৰ্বাচনত । এই নিৰ্বাচনত ক্ৰমে সভাপতি পদত বিকাশ মিচং, সাধাৰণ সম্পাদক পদত অভিলাষ শইকীয়া সহঃ মুঠ ১৬ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়যুক্ত হয়।
বৃহস্পতিবাৰে অনুষ্ঠিত এই দায়িত্বভাৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰিটাৰ্নিং বিষয়া তথা প্ৰাধ্যাপক চন্দন শৰ্মা, ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন নিৰোদ কুমাৰ বৰুৱা, প্ৰাধ্যাপক অতুল শৰ্মাকে ধৰি কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে ।