পাঁচদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল লোকসভাৰ অধ্যক্ষ ওম বিৰলা । বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগে লগে অধ্যক্ষগৰাকীক আদৰণি জনায় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে । লোকসভাৰ অধ্যক্ষগৰাকীৰ সৈতে একেলগে আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাও ।
উল্লেখযোগ্য যে, এই পাঁচদিনীয়া ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে শনিবাৰে পুৱা ৯ বজাত লোকসভাৰ অধ্যক্ষগৰাকীয়ে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ’চিয়েছনৰ সন্মিলন । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰে ঘানা, ব্ৰিটেইন, মালায়েছিয়া, টাঞ্জানিয়াকে ধৰি ১২ খন দেশৰ প্ৰতিনিধি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ।বাকীকেইখন দেশৰ প্ৰতিনিধিয়ে এই সন্মিলনত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব ।
উল্লেখ্য যে, ৯ এপ্ৰিল আৰু ১০ এপ্ৰিল দুয়োদিনাই চলিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ’চিয়েছনৰ এই সন্মিলন ।১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব ইণ্ডিয়ান পাৰ্লিয়ামেন্টেৰী এছ’চিয়েছনৰ সন্মিলন । এই শেষৰ দুদিনৰ সন্মিলনত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু প্ৰধান সচিবসকল উপস্থিত থাকিব । ৯ ৰ পৰা ১২ এপ্ৰিললৈকে গুৱাহাটীত চলিবলগীয়া এই চাৰিওদিনৰ সন্মিলনত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।