ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰ্তমানলৈ দেশৰ ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৪,০৩৩ গৰাকী । মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত সৰ্বাধিক আক্রান্তৰ সংখ্যা ১,২১৬ আৰু ৫২৯ টা অ’মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । ইতিমধ্যে অ’মিক্ৰণত আক্ৰান্ত ৪,০৩৩ গৰাকী ৰোগীৰ ভিতৰত, ১,৫৫২ গৰাকী ৰোগীক সুস্থ কৰি তোলা হৈছে । সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে এই সংখ্যা ।
উল্লেখযোগ্য যে, মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত হৈছে ১,৭৯,৭২৩ গৰাকী ব্যক্তি।