গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰজোঁটে ৫৮ টা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদে লাভ কৰিছে এটা ৱাৰ্ড। বিজেপিৰ এনে চমকপ্ৰদ ফলাফলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।
ঘোষিত ফলাফল অনুসৰি মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি (বি জে পি) আৰু অসম গণ পৰিষদ (অ গ প)ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৫৮ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে । ইয়াৰ ভিতৰত 6 টা ৱাৰ্ড ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫২ টা ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ।
আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ড জয়লাভ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে,’আপ আৰু অজাপ মিঞা ভোটৰ সহযোগত জয়ী হৈছে।
খিলঞ্জীয়া হিন্দু,মুছলমান,খ্ৰীষ্টান,শিখ,জৈনৰ ভোট বিজেপিৰ পক্ষত। ৬০ৰ ভিতৰত ৫৮খন আসনত আমাক ৰাইজে মৰম দিছে। আমাৰ বাবে প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ।
আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছিলো, দিলে। এখন সৰ্বাংগ সুন্দৰ গুৱাহাটী কথা দিয়া মতেই হ’ব।’কেজৰিৱালে অসমৰ কথা কি জানে?’