পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে এইবাৰ বাক্যাবাণ প্ৰাক্তন পত্নী ৰেহান খানৰ। বিৰোধী জোঁট একত্ৰিত হৈ প্ৰধানমন্ত্ৰী ইমৰানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পাছত দেশখনৰ চৰকাৰ ভাঙি পৰাৰ উপক্ৰম হৈছে। টুইটাৰযোগে ৰেহানে ইমৰাণক লৈ বাক্যশেল মাৰি কৈছে যে ইমৰাণ খান ইতিহাস হ’ল। ইমৰানে লেতেৰা কৰি থৈ যোৱা দেশখন এতিয়া পৰিষ্কাৰ কৰিবলৈ সকলোৱে এক হ’ব লাগিব।
২০১৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ইমৰাণ খানে ‘নতুন পাকিস্তান’ নিৰ্মাণৰ কথা কৈছিল। ৰাষ্ট্ৰক উদ্দেশ্যি কালি সংসদত ব্যক্তব্য দিয়া ইমৰানৰ সৈতে এটা কথা সহমত পোষণ কৰিছে ৰেহানে। সেয়া হ’ল ইমৰানে কৈছে যে তেওঁ সৰু থাকোঁতে পাকিস্তানক উন্নতিৰ শিখৰলৈ উঠা দেখিছিল। ইয়াতো কটাক্ষ কৰি প্ৰাক্তন পত্নীগৰাকীয়ে কৈছে যে- হয়, ইমৰান প্ৰধানমন্ত্ৰী নোহোৱা সময়তেই পাকিস্তানখন শ্ৰেষ্ঠ আছিল।