শনিবাৰে তামিলনাডুৰ মাদুৰাই জিলাত নিজ পুত্ৰক হত্যা কৰাৰ অভিযোগত থানাত আত্মসমৰ্পণ কৰে এহাল পিতৃ-মাতৃয়ে। দীৰ্ঘদিন ধৰি পুত্ৰ এন.মাৰিচেলভামে সুৰাপান কৰি পিতৃ-মাতৃক ধন দাবী কৰি নিৰন্তৰভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে, এন.মাৰিচেলভাম নিবনুৱা আছিল।
আৰক্ষীয়ে জনোৱা মতে, মাৰিচেলভামে মাক-দেউতাকৰ সৈতে প্ৰতিদিনে কাজিয়াত লিপ্ত হৈছিল আৰু তেওঁলোকক মৌখিক আৰু শাৰীৰিকভাৱেও অভ্যাসগতভাৱে নিৰ্যাতন চলাইছিল। এন.মাৰিচেলভামে সুৰাপান কৰাৰ বাবে দেউতাক টকা খৰচ কৰিছিল।
শুক্ৰবাৰে নিশা মেৰিচেলভামে সুৰাপান কৰি ঘৰলৈ আহি পিতৃ-মাতৃক নিৰ্যাতন চলাইছিল। ইয়াৰ পিছতেই নিৰ্যাতন সহ্য কৰিব নোৱাৰি পিতৃ-মাতৃয়ে ৰছী ব্যৱহাৰ কৰি ডিঙি চেপি হত্যা কৰে নিজ পুত্ৰ এন.মাৰিচেলভামক।
পিছদিনা পুৱা, এছ.এছ.কলনী আৰক্ষী চকীত উপস্থিত হৈ নিজ পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে মাৰিচেলভামৰ পিতৃ-মাতৃয়ে।