আজি ভোগৰ উৎসৱ ভোগালী । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই ভোগালী বিহু। পুৱাই মেজি জ্বলাই অগ্নিসেৱা কৰে অসমীয়াই ৷ ক’ভিডৰ দৰে মহামাৰীৰ দূৰ হোৱাৰ কামনাৰে সকলোৱে আশীৰ্বাদ ললে ৷ অসমৰ প্ৰতিটো প্ৰান্তে সম্প্রতি পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু। কৰ’না আতংকৰ মাজতো অসমীয়াই উলহ-মালহেৰে পালন কৰিছে মাঘ বিহু। মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে সকলোৱে পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাডু, জলপান আদি খাই ভোগালীৰ আনন্দ উপভোগ কৰিছে ৰাইজে।
বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তথা ক’ভিডৰ ভয়াৱহতাকো নেওচি অসমবাসীয়ে আজি ভোগৰ উৎসৱ ভোগালী উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে ।
ইপিনে শস্য চপোৱাৰ লগত সংগতি ৰাখি ভাৰতৰ অন্য প্ৰান্ততো ভিন ভিন নামেৰে এই উৎসৱ পালন কৰা হৈছে। তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লহৰি হিচাপে এই উৎসৱ পালন কৰা হয়৷ হেডলাইন ৮ সমূহ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো ।